ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভাত সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ

লোকসভাত কালি সংসদৰ যুটীয়া বৈঠকক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ পাছতে সদনত ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লোকসভাত কালি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে সংবিধানত উল্লেখিত মূল্যবোধ শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। ৰাষ্ট্ৰপতিৰ ভাষণৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে সংবিধানৰ প্ৰতি তেওঁৰ চৰকাৰৰ দায়বদ্ধতাই দলক শক্তিশালী আৰু জনসাধাৰণৰ কল্যাণমুখী সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। এন ডি এ চৰকাৰে সকলো আঁচনিৰ ১০০ শতাংশ ৰূপায়ণৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ভাষণে নতুন আশা দেখুওৱাৰ লগতে জনসাধাৰণক অনুপ্ৰাণিত কৰিছে। তেওঁৰ চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকক পৰ্যাপ্ত সুযোগ প্ৰদানৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে। বিগত ৭ দশক জুৰি জম্মু-কাশ্মীৰ আৰু লাডাখ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়ত আলোকপাত কৰি শ্ৰীমোদীয়ে কয়, যে এয়া সংবিধান তথা জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ বাবে অন্যায় আছিল। তেওঁ কয়, যে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত এই খণ্ডৰ জনসাধাৰণে দেশৰ আন নাগৰিকৰ দৰে একে অধিকাৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক