বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্ল’গান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হৈছে। সদনৰ কাম-কাজ পূৰ্ব পৰিকল্পিতভাৱে চলিব লৈ নিদিয়াটো সংসদীয় গণতন্ত্ৰৰ বাবে সঠিক নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে সদস্যসকলে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত বিষয়টো উত্থাপন কৰিব পাৰে। নীটৰ বিষয়লৈ আলোচনাৰ বাবে বিৰোধী পক্ষই উত্থাপন কৰা দাবী প্রত্যাখ্যান কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আলোচনাৰ বাবে নিৰ্ধাৰিত সময়ত অন্য বিষয়লৈ আলোচনা কৰাৰ পৰম্পৰা নাই । তেওঁ লগতে কংগ্ৰেছ আৰু অন্য বিৰোধী দলসমূহে সংসদৰ গৰিমাৰ অৱমাননা কৰা বুলি অভিযোগ তোলে৷ শ্ৰী ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতি অভিভাষণৰ আলোচনাৰ সময়ত উত্থাপন কৰা যিকোনো বিষয়ৰ উত্তৰ দিবলৈ সাজু আছে। তাৰ পাছতো হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয় ৷ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিলাই বিষয়টো লৈ বিৰোধী দলসমূহে উত্থাপন কৰা সভাস্থগিতকৰণৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে। কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলসমূহে নীট পৰীক্ষাৰ অনিয়মৰ বিষয়টো উত্থাপন কৰে আৰু বিষয়টো লৈ আলোচনা কৰাৰ বাবে দাবী উত্থাপন কৰে।
অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত অন্য বিষয় লৈ আলোচনাৰ অনুমতি প্ৰদান কৰিব পৰা নাযায়। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়তে বিৰোধী দলসমূহে নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব। তেওঁ লগতে কয় যে চৰকাৰে আলোচনাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে উত্থাপন কৰ সকলো বিষয়ৰ উত্তৰ দিব বুলি আশা কৰা হয়। ইয়াৰ পাছতে নিম্ন সদনত বিৰোধী পক্ষ ৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষার্থীসকলক এনে এটা বার্তা দিব খোজে বিষয়টো সঁচাকৈ গুৰুত্বপূৰ্ণ। গতিকে বিষয়টো লৈ আলোচনা হ’ব লাগে। পাছত অধ্যক্ষই সদনৰ কাম-কাজ অব্যাহত ৰাখে যদিও কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে অচলাৱস্থাৰ মাজতে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়৷ ৰাজ্যসভাতো আজি নীটক লৈ হুলস্থুলীয়া পৰিস্থিতৰ সৃষ্টি হয়। পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিৰোধী সাংসদসকলে উত্থাপন কৰা সভাস্থগিতকৰণৰ জাননী অগ্ৰাহ্য কৰি কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি দিয়া ভাষণত প্রশ্ন ফাদিল কাৰ নিৰপেক্ষ তদন্ত আৰু দোষী সকলক কঠোৰ শাস্তি প্ৰদানৰ কথা উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ সময়ত সদস্যসকলে বিষয়টো লৈ আলোচনাৰ কৰাৰ প্ৰৰ্যাপ্ত সময় পাব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ পাছতে কংগ্ৰেছৰ প্ৰমোদ টিৱাৰীয়ে কয় যে ২৫ লাখ শিক্ষার্থীয়ে বিষয়টো প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্চ সদনত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গে কয় যে যোলা ৭ বছৰত ৭০ বাৰ প্রশ্নকাকত ফাদিল হৈছে। তেওঁ বিষয়টো লৈ আলোচনাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী, আম আদমী পাৰ্টী, আৰ জে দি আৰু অন্যান্য দলৰ সদস্যসকলে সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলাই যদিও প্ৰতিবাদী সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থুল শাম নকটাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে।

অধিক পঢ়ক

সকলো চাওক