August 8, 2024 8:03 PM | Lok Sabha

printer

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ

ৱাফ সংশোধনী বিধেয়ক ২০২৪ যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে আজি লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে, চৰকাৰ বিধেয়কখন পুংখানুপুখভাবে চালি-জাৰি চাবলৈ সাজু। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় সুস্পষ্ট আৰু ইয়াৰ বিধেয়কখনক লৈ লুকাবলগীয়া একোৱেই নাই। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধৰ্মীয় নিকায়সমূহৰ কাম-কাজত হস্তক্ষেপ কৰাটো বিধেয়কখনৰ অভিপ্ৰাণ নহয় আৰু মুছলমান সম্প্ৰদায়ৰ অনগ্ৰসৰ আৰু দুখীয়া শ্ৰেণীসমূহক ন্যায় প্ৰদান কৰাই বিধেয়কখনৰ উদ্দেশ্য বুলি স্পষ্ট কৰি দিয়ে। চৰকাৰৰ এনে ধৰণৰ বিধেয়ক অনাৰ অধিকাৰ নাই বুলি বিৰোধী পক্ষই উত্থাপন কৰা দাবীক লৈ প্ৰশ্ন উত্থাপন কৰি শ্ৰী ৰিজিজুৱে কয় যে, বিষয়টো সংবিধানৰ সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত আৰু কেন্দ্ৰীয় চৰকাৰ এই সন্দৰ্ভত আইন প্রণয়ন কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম। তেওঁ কয় যে, সচ্চৰ কমিটি আৰু পূৰ্বৰ চৰকাৰসমূহ গঠন কৰা বিভিন্ন কমিটিৰ পৰামৰ্শ অনুযায়ী এই বিধেয়কখন উত্থাপন কৰা হৈছে। তেওঁ কয় যে, ৱাক্‌ফ ব’ৰ্ডৰ কাম-কাজৰ অলেখ বিসংগতি আছে আৰু একাংশ লোকে এই বোর্ডসমূহ দখল কৰি আছে। এই বিধেয়কখন অধিক স্বচ্ছতা অনাৰ লগতে মুছলমান মহিলা তথা মুছলমান সম্প্ৰদায়ৰ মাজৰ অন্যান্য পিছপৰা শ্ৰেণীসমূহক উচিত প্ৰতিনিধিত্ব প্ৰদানৰ উদ্দেশ্যে উত্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰী ৰিজিজুৱে কয় যে, ৱাক্‌ফ ব’ৰ্ডৰ সৈতে জড়িত প্ৰায় ১২ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে আৰু বিধেয়কখনত ছমাহৰ ভিতৰত এনেধৰণৰ গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে ৱাক্ফ ব’ৰ্ডৰ সা-সম্পত্তি বেদখল সন্দৰ্ভত এবছৰৰ ভিতৰত প্ৰায় ২০০ টা অভিযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলাপ-আলোচনা নকৰাকৈ বিধেয়কখন উত্থাপন কৰা বুলি বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ খণ্ডন কৰে। বিধেয়কখন প্ৰস্তুত কৰাৰ পূৰ্বে বিভিন্ন পক্ষৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিধেয়কখনৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰিজিজুৱে কয় যে, ৱাক্‌ফ ব’ৰ্ড ন্যায়াধীকৰণৰ এগৰাকী ন্যায়িক আৰু এগৰাকী কাৰিকৰী সদস্য থাকিব। ইয়াৰ পূৰ্বে বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পার্টি, ডি এম কে, এন চি পিৰ শাৰদ পাৱাৰ গোট, বাওদল আৰু অন্যান্য দলৰ সাংসদসকলে ইয়াক সংবিধান আৰু ধৰ্মীয় স্বাধীনতাৰ পৰিপস্থি বুলি অভিহিত কৰে। কংগ্ৰেছ সাংসদ কে চি বেণুগোপালে ইয়াক দেশৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ ওপৰত হোৱা আক্রমণ আখ্যা দিয়ে। তেওঁ কয় যে, বিধেয়কখনত ৱা বৰ্ডৰ পৰিচালনা সমিতিত অনা-মুছলমানক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা আছে আৰু এই ব্যৱস্থাই ধৰ্মীয় আস্থাত আঘাত হানিব। বিধেয়কখন মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ আসন্ন বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্থাপন কৰা হৈছে বুলিও তেওঁ অভিযোগ তোলে। সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে ৱাক্‌ফ ব’ৰ্ডত অন্য ধৰ্মীক সম্প্ৰদায়ৰ লোকক সদস্য হিচাপে মনোনীত কৰাৰ ব্যৱস্থাক লৈ প্রশ্ন উত্থাপন কৰে। তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়ে আলোচনাত ভাগ লৈ বিধেয়কখনক অ-সাংবিধানিক আৰু যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ পৰিপস্থি বুলি অভিহিত কৰে। ডি এম কে সাংসদ কানীমোড়ি কৰুণানিধিয়েও বিধেয়খনৰ বিৰোধিতা কৰে। চৰকাৰে সাংবিধান, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু সংখ্যালঘুসকলৰ বিৰুদ্ধে যোৱা বুলি অভিযোগ উত্থাপন কৰে। এন চি পিৰ সুপ্রীয়া ছুলেই বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ অথবা চালি-জাৰি চোৱাৰ অৰ্থে স্থায়ী কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। চি পি আই এমৰ সাংসদ কে ৰাধাকৃষ্ণনেও বিধায়কখন স্থায়ী কমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। বিধেয়কখনৰ বিৰোধীতা কৰি এ আই এম আই এমৰ আছাদুদ্দীন ওৱেচিয়ে বিধেয়খন বৈষম্যমূলক বুলি অভিহিত কৰে। ১৯২৩ চনৰ মুছলমান ৱাফ আইন প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে মুছলমান ৱাফ বাতিলকৰণ বিধেয়ক ২০২৪ উত্থাপন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক