July 25, 2024 8:19 PM | Lok Sabha

printer

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ

লোকসভাত আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ চৰণজিৎ সিং চন্নীয়ে এইবাৰৰ বাজেটে জনসাধাৰণক নিৰাশ কৰা বুলি অভিযোগ তোলে। তেওঁ লগতে সংসদ ভৱনৰ ডº বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থানান্তৰনৰ বিষয় লৈ প্ৰশ্ন উত্থাপন কৰে। এইবাৰৰ বাজেটত পাঞ্জাবৰ সৈতে মাহীআইৰ দৰে আচৰণ কৰা হৈছে বুলিও সাংসদগৰাকীয়ে তোলে। তেওঁ কয় যে, বাজেটত বান প্রভাবিত পাঞ্জাবৰ জনসাধাৰণৰ বাবে একোৱেই নাই। তেওঁ লগতে চৰকাৰ ৰক্ষা কৰাই এইবাৰৰ বাজেটত অভিপ্ৰায় বুলি মন্তব্য কৰে। শ্ৰী চন্নীয়ে চৰকাৰে এম জি এনৰেগাৰ অধীনৰ মজুৰি কিয় বৃদ্ধি কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। সাংসদগৰাকীৰ মন্তব্যক লৈ কংগ্ৰেছৰ সাংসদ আৰু চৰকাৰী পক্ষৰ সদস্যসকলৰ মাজত তীব্র বাক-বিতণ্ডাৰ সৃষ্টি হয়। বাজেট সম্পর্কে উত্থাপন কৰা বৈষম্যৰ অভিযোগ খণ্ডন কৰি এন চি পিৰ সুনীল তটকৰেই কয় যে, মহাৰাষ্ট্ৰত এন ডি এৰ শাসনকালত সৰ্বাধিক উন্নয়ন হৈছে। তেওঁ কয় যে, চৰকাৰৰ ভাল কামসমূহৰ বিৰোধী পক্ষৰ দ্বাৰাও প্ৰশংসা কৰাটো সদনৰ পৰম্পৰা যদিও এইবেলি বিৰোধী সদস্যসকলে অকল ভুল-ত্রুটি বিচৰাৰ বাবেই বাজেটৰ সমালোচনা কৰিছে। তৃণমূল কংগ্ৰেছৰ সৌগত ৰায়ে আলোচনাত অংশ লৈ এইবাৰৰ বাজেটখনক শেহতীয়া সময়ৰ আটাইতকৈ বিভাজনমুখী বাজেট বুলি অভিহিত কৰে। তেওঁ বাজেটৰ কেইবাটাও বৈশিষ্ট্যক কংগ্ৰেছ দলৰ ইস্তাহাৰৰ পৰা লোৱা বুলি আৰু শিক্ষাৰ্থীৰ বাবে শিক্ষা ঋণ আঁচনি পশ্চিমবংগ চৰকাৰৰ আঁচনিৰ হুবহু নকল বুলি দাবী কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰ বকেয়া ধন বন্ধ কৰাৰ বিষয়ও উত্থাপন কৰে। বিজেপিৰ বৈজয়ন্ত পাণ্ডাই এইবাৰৰ বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে, ৰাষ্ট্ৰক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সংস্কাৰৰ দিশৰ পৰা এইবাৰৰ বাজেটখন পৰিসৰ ব্যাপক আৰু গভীৰ। সাংসদগৰাকীয়ে কয় যে, ভাৰতে নিৰন্তৰভাৱে বিশ্বৰ সবাটোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছৰ হিবি এডেনে আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটে দেশৰ যুৱ প্ৰজন্মক কর্মসংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ তোলে। বাজেটত এম জি এনৰেগাৰ ধন বৃদ্ধি কৰা হোৱা নাই বুলিও সাংসদগৰাকীয়ে দাবী কৰে।

 

অধিক পঢ়ক

সকলো চাওক