মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ভাৰত ৰত্ন গোপীনাথ বৰদলৈয়ে এখন আধুনিক অসম নিৰ্মাণৰ বাবে কাম কৰিছিল। তেওঁ স্বাধীনতা আন্দোলন আৰু ইয়াৰ সমান্তৰালভাৱে গ্ৰুপিঙৰ পৰা অসমক ৰক্ষা কৰাত অসামান্য ভূমিকা গ্ৰহণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত লোক কল্যাণ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে, এখন চৰকাৰে যেতিয়া শাসন কৰাৰ পৰিৱৰ্তে জনসাধাৰণক সহায় কৰাৰ ভূমিকাত অৱতীৰ্ণ হয়, তেতিয়াই সমাজৰ পৰিৱৰ্তন হয়। এই অনুষ্ঠানতে ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ আৰু ৩৭ গৰাকী জিলা পৰ্যায়ৰ অৰাজপত্ৰিত কৰ্মচাৰীক লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে বিভিন্ন ক্ষেত্ৰত দেখুওৱা উৎকৃষ্ট সেৱাৰ বাবে ছটা বিষয়ৰ দলক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিগত সময়ত ৰাজ্য চৰকাৰে কৰি অহা বিভিন্ন কামকাজৰো ক্ষতিয়ান দিয়ে।
Site Admin | August 6, 2024 1:19 PM | Lok kalyan divas