কালি দেহাৱসান ঘটা যশস্বী চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ অন্ত্যেষ্টিক্রিয়া আজি আবেলি মুম্বাইৰ শিৱাজী পার্ক শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত পৰিচালকগৰাকীৰ জীয়ৰী নীৰা আৰু পিয়াৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ, কুলভূষণ খাৰবান্দা, ৰত্না পাঠক শ্বাহ, গায়িকা তথা অভিনেত্ৰী ইলা অৰুণ, পৰিচালক হাঞ্চল মেহতা, লেখক, কবি, পৰিচালক গুলজাৰ, লেখক জাভেদ আখতাৰকে ধৰি ভালেসংখ্যক গুণমুগ্ধ উপস্থিত আছিল। ইয়াৰ আগতে পৰিচালকগৰাকীৰ নশ্বৰ দেহ মুম্বাইৰ পে’ডাৰ ৰোডত থকা তেওঁৰ বাসভৱনৰ পৰা এখন সুসজ্জিত বাহনেৰে শিৱাজী পার্ক বৈদ্যুতিক শ্মশানলৈ নিয়া হয়। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ কালি মুম্বাইত ৯০ বছৰ বয়সত মৃত্যু হয়। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্থন, ভূমিকা, জুনুন, কলিয়ুগ, ত্ৰিকাল, সুৰজ কা সাতৱা ঘোঁৰা, মাম্মো, মান্দি, চৰ্দাৰী বেগম, জুবেইদা ইত্যাদি। শ্বাৱানা আজমী, অনন্ত নাগ, স্মিতা পাটিল, নাছিৰুদ্দিন শ্বাহৰ দৰে বিশিষ্ট অভিনয় শিল্পীক চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত কৰোৱা বেনেগাল ১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্ম ফেয়াৰ বঁটাৰে বিভূষিত হৈছিল। ২০০৫ চনত দাদা চাহেব ফাল্কে, ১৯৭৬ চনত পদ্মশ্ৰী আৰু ১৯৯১ চনত পদ্ম ভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল।
Site Admin | December 24, 2024 8:21 PM