ডাউনলোড
মোবাইল এপ

android apple
signal

পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকত সমৰ্থন

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি ৰাজনৈতিক দলৰ নেতাসকলে সমর্থন আগবঢ়াইছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কালি নতুন দিল্লীত চৰকাৰে আহ্বান জনোৱা সর্বদলীয় বৈঠকত নেতাসকলে সন্ত্রাসবাদ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা যিকোনো ধৰণৰ পদক্ষেপৰ প্ৰতি সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে এই আক্ৰমণৰ ঘটনাত সকলো দলে উদ্বেগ প্রকাশ কৰিছে। তেওঁ কয়, যে এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগামত সংঘটিত ঘটনা আৰু এইক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সবিশেষ দাঙি ধৰে। এইক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে ভাৰতে সিদ্ধান্ত গ্রহণ কৰিছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে চোৰাংচোৱা সংস্থা আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াসকলে এই ঘটনাৰ লগতে এই ক্ষেত্ৰত ৰৈ যোৱা সুৰুঙা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয়, যে পহলগাম সন্ত্রাসবাদী আক্রমণক সকলোৱে একেমুখে গৰিহণা দিছে আৰু এইক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ পদক্ষেপৰ প্ৰতি বিৰোধীৰ সম্পূৰ্ণ সমর্থন আছে।

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কয়, যে সকলো দলেই এই ঘটনাক গৰিহণা দিছে আৰু জম্মু-কাশ্মীৰত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। ডি এম কেৰ সাংসদ তিৰুচি শিৱাইও এই ঘটনাৰ নিন্দা কৰি দেশত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি তেওঁৰ দলে সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে।

বিজেপিৰ সাংসদ সম্ৱিত পাত্রই এই বৰ্বৰ ঘটনাত জড়িত সন্ত্রাসবাদীসকলক শীঘ্ৰেই কঠোৰ শাস্তি প্ৰদানৰ বাবে চৰকাৰে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে।

এ আই এম আই এমৰ সাংসদ আছাদউদ্দিন ওৱেইছিয়ে এই ঘটনাটো কেৱল এটা ৰাজনৈতিক বিষয়েই নহয় বুলি মন্তব্য কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমর্থন আছে। দুঘণ্টাজোৰা এই বৈঠকত ১৫টা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্রহণ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰা এই বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত পহলগাম সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দুই মিনিট মৌন প্রার্থনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক