দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচন

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত চাৰিজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা এন চি পিৰ শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী মহম্মদ ফৈজল, প্রাক্তন সাংসদ তথা কংগ্ৰেছৰ প্রার্থী হামদুলিল্লাহ ছৈয়দ, বিজেপি সমর্থিত এন চি পিৰ অজিত পাৱাৰ গোটৰ প্ৰাৰ্থী টি পি ইউছুফ আৰু নিৰ্দলীয় প্রার্থী কে কয়াৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। নির্বাচনী প্রস্তুতি পূর্ণগতিত চলি থকা লাক্ষাদ্বীপৰ ১০টা দ্বীপত স্থাপন কৰা ৫৫টা ভোটকেন্দ্ৰত ৫৭ হাজাৰ ৭৮৪ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। নির্বাচনী প্ৰচাৰত প্ৰাৰ্থীসকলে বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় বিষয়ৰ উপস্থাপনেৰে ভোটদাতাৰ মন আকর্ষণ কৰিবলৈ চেষ্টা কৰিছে। এন চি পিৰ প্ৰাৰ্থী মহম্মদ ফৈজলে ২০১৯ চনৰ নিৰ্বাচনত মাত্ৰ ৮২৩টা ভোটত জয়লাভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক