লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত এজন অভিযুক্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্রধানে তদন্ত ঘোষণা কৰিছে। ঘটনা অনুসৰি মোবাইল চুৰিৰ অভিযোগত এজন লোকক আটক কৰা হৈছিল যদিও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে লোকজন অসুস্থ হৈ পৰে। সংশ্লিষ্ট আৰক্ষী চকীখনৰ আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইয়াৰ পাছতে লোকজনৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ তোলে আৰু স্থানীয় ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। এই ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে এজন আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। উত্তৰ সংমণ্ডলৰ উপ-আৰক্ষী মহাপৰিদৰ্শকগৰাকী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ইপিনে, বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক এই সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানে নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সকলো নীতি-নির্দেশনা পালন কৰা হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে প্ৰকাশ কৰিছে।
Site Admin | May 23, 2024 8:39 PM | lakhimpur police station incident