ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় বায়ু সেনাৰ বর্ষপুর্তি উপলক্ষে লাডাখৰ থৈছেৰ পৰা কাইলৈ বায়ু বীৰ বিজেতা কাৰ ৰেলী

ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক বর্ষপুর্তিৰ লগত সংগতি ৰাখি কাইলৈ লাডাখৰ থৈছেৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী উলিওৱা হ’ব। এই কাৰ ৰেলী ২৯ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত অন্ত পৰিব। ইয়াৰ আগেয়ে যোৱা ১ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লী ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা এই ৰেলীৰ শুভাৰম্ভ কৰিছিল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই বায়ু যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে থৈছেত উপস্থিত হ’ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও এই ৰেলীত পূর্ণ সমর্থন আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক