শ্ৰীলংকাৰ কলম্বোৰ স্হিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সংস্কৃতি কেন্দ্ৰই গৌৰৱ আৰু দেশপ্ৰেমৰ প্ৰতীক লাচিত দিৱস উদযাপন কৰে। এই অনুষ্ঠানৰ দ্বাৰা ঐতিহাসিক ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যৰ ওপৰত বিজয়ী অসমীয়াৰ সেনাৰ নেতৃত্ব গ্ৰহণ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ অসাধাৰণ সাহস, সু-নেতৃত্ব আৰু স্বদেশৰ প্ৰতি অটল সমৰ্পণক শ্ৰদ্ধা জনোৱা হয়।
কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই অতিথিসকলক আদৰণি জনায় আৰু ভাৰতৰ ইতিহাসত এই দিনটোৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰি কলম্ব’ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক চামিন্দা পদ্মকুমাৰাই অসমৰ স্বাধীনতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত লাচিত বৰফুকনে গ্ৰহণ কৰা গুৰুত্বপূর্ণ ভূমিকা বৰ্ণনা কৰে।
লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ কলম্বোৰ ভাৰতীয় উচ্চ আয়োগৰ বিষয়াসকলে কেন্দ্ৰত সজোৱা লাচিত বৰফুকনৰ চিত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে।
এই উপলক্ষে, “লাচিত: দ্য ৱৰিয়ৰ” শীৰ্ষক পাৰ্থসাৰথি মহন্তৰ দ্বাৰা পৰিচালিত ১৯ মিনিটীয়া এখন এনিমেটেড ছুটি ছবিও প্ৰদৰ্শন কৰা হয়। ছবিখনত লাচিত বৰফুকনৰ বংশাৱলী, কূটনৈতিক দক্ষতা, নৌযুদ্ধৰ কৌশল, আৰু তেওঁৰ অটল দেশপ্ৰেমৰ কাহিনী প্ৰদৰ্শন কৰা হৈছে।লাচিত দিৱসে কেৱল অসমৰ গৌৰৱ উদযাপন নহয়, ই ভাৰতৰ সমৃদ্ধ ইতিহাসত দেশপ্ৰেম আৰু নেতৃত্বৰ গুৰুত্বকো সোঁৱৰাই দিয়ে।