কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জন লোকৰ মৃতদেহ ক’ছিলৈ লৈ অহা হৈছে। বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম-কাজ বিমান বন্দৰতে সম্পন্ন কৰা হৈছে। ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমোৱা ৩১টা শদেহৰ ভিতৰত ২৩টা কেৰালাৰ, ৭টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ।তামিলনাডুৰ সংখ্যালঘু কল্যান মন্ত্রী জিনজি কে এছ মাস্তানে ৰাজ্যখনৰ হৈ শদেহকেইটা চমজি লয়। প্ৰতিটো মৃতদেহকে নিজৰ ঘৰলৈ পঠিওৱাৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে। ইপিনে বাকী থকা শদেহকেইটা একেখন বিমানতে দিল্লীলৈ প্ৰেৰণ কৰা হয়।
Site Admin | June 14, 2024 5:11 PM | India | Indian Air Force | Kochi | kuwait fire accident