ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি কোকৰাঝাৰ জিলাত স্বচ্ছতাই সেৱা কাৰ্যসূচীত অংশ লোৱাৰ লগতে কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰে। তেওঁ বড়োফা সাংস্কৃতিক কেন্দ্ৰত আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হৈ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা তৰ্পণ কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক আৰু প্ৰশাসনীয় কামকাজৰ বুজ লয়। বিশ্ববিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা আৰু প্ৰশাসনীয় বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত তেওঁ দেশৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰে। এই প্ৰসংগতে তেওঁ সমাজত সৰ্বাত্মক পৰিৱৰ্তন সাধন কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেঁও কয় যে ভাৰতক বিকাশৰ পথত অগ্ৰসৰ হোৱাৰ সময়ত বিশ্ববিদ্যালয়সমূহৰ দায়িত্ব জ্ঞানৰ প্ৰসাৰতে সীমাবদ্ধ নাথাকি ব্যাপক হৈ পৰিছে। এই শিক্ষানুষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ, বুদ্ধিমত্তা আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত চালিকাশক্তি হোৱা উচিত বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীআচাৰ্যই বিশ্ববিদ্যালয়খনৰ প্ৰতিগৰাকী সদস্যক স্বচ্ছ উদ্দেশ্য আৰু স্পষ্ট লক্ষ্য আগত ৰাখি দেশৰ প্ৰগতিত অৰিহণা যোগাব পৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ বিশ্ববিদ্যালয়খনত ইনকিউবিশ্বন চেণ্টাৰ আৰু জৈৱ প্ৰযুক্তি, কৃষক কেন্দ্ৰ পৰিদৰ্শন কৰে। এই কেন্দ্ৰত ব্যৱহৃত আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱন সম্পৰ্কেও তেওঁ আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ আগেয়ে ৰাজ্যপালগৰাকীয়ে জিলাখনৰ আদাবাৰীত বড়োলেণ্ড ৰেচম উদ্যান আৰু এৰী সূতা কটা কলো পৰিদৰ্শন কৰে। শ্ৰীআচাৰ্যই এই সূতাকটা কল আৰু উদ্যানৰ সামগ্ৰীসমূহৰ মান সম্পৰ্কে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে এই সামগ্ৰীসমূহৰ বিপনন কৌশল বৃদ্ধি কৰি আন্তৰাষ্ট্ৰীয় বজাৰত উপলব্ধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যপালগৰাকীয়ে পাছত স্বচ্ছতাই সেৱা কাৰ্যসূচীত অংশ লয়। উল্লেখযোগ্য যে স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা ১৭ অক্টোবৰৰ পৰা দেশজুৰি এই অভিযান ৰূপায়ণ কৰা হৈছে। অহা ২ অক্টোবৰত এই অভিযানৰ সামৰণি পৰিব। ৰাজ্যপাল শ্রীআচাৰ্যই আজি বিটিচিৰ সচিবালয় চৌহদত সেউজ বড়োলেণ্ড মিছনৰ অংশ হিচাপে গছপুলিও ৰোপণ কৰে।
Site Admin | September 21, 2024 9:29 PM | kokrajhar governor swachhata hi sewa