ৰীমাল ঘূর্ণী সৃষ্ট প্রতিকূল বতৰৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰকে প্ৰকাশ কৰা অনুসৰি স্নাতক আৰু স্নাকতোত্তৰ পৰ্যায়ৰ তৃতীয় ষাণ্মাসিকৰ আজি অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে। অৱশ্যে আন পৰীক্ষাসমূহ পূৰ্বৰ সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে। প্রতিকূল বতৰৰ বাবে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আজি অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা বাতিল কৰিছে। এই পৰীক্ষা অহা ৫ জুনত অনুষ্ঠিত হ’ব বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই জানিবলৈ দিছে।
Site Admin | May 29, 2024 12:33 PM | KKHSOU EXAM
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা বাতিল
