যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস কালি যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত স্মৃতি দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচীত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু দৰ্শনৰ সম্পৰ্কে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অদিতি বেজবৰুৱাই বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গল্পকাৰ আশিস ঘাটোৱাৰৰ বালিঘৰ নামৰ এখন চুটি গল্প সংকলন উন্মোচন কৰা হয়। বালিঘৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক ৬০ বসন্ত কুমাৰ গোস্বামীয়ে।

অধিক পঢ়ক

সকলো চাওক