ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 8:43 PM | kiran rijuju

printer

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব – কিৰেন ৰিজিজু

ভাৰতবৰ্ষক ২০৪৭ ৰ পূৰ্বে আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্রদায়সমূহৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি নতুন দিল্লীত আয়োজিত ৰাজ্যিক সংখ্যালঘু সন্মিলনত ভাষণ দি এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক শিক্ষা আৰু দক্ষতাৰ বিকাশত অগ্ৰাধিকাৰ প্ৰদানৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে ছটা অধিসূচীত সম্প্রদায়, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন, শিখ আৰু পাৰ্চিসকলৰ কল্যানৰ বাবে সুকীয়া আঁচনি ৰূপায়ন কৰি আছে। শ্ৰীৰিজিজুৱে লগতে সংশ্লিষ্ট পক্ষসমূহক এই আঁচনিসমূহৰ ৰূপায়নৰ বাবে সম্ভাব্য বিত্তীয় সাহায্য প্রদান কৰাৰ আশ্বাস প্ৰদান কৰে। সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে আজি পুৱাৰ ভাগত এই সন্মিলন মুকলি কৰে। এই সন্মিলনত ঘাইকৈ শিক্ষা অন্তৰ্ভুক্তি আৰু সংখ্যালঘু সম্প্রদায়সমূহৰ সৱলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক