July 25, 2024 7:09 PM | Kiren Rijiju

printer

দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কিৰেণ ৰিজিজুৰ

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দেশৰ জনাদেশক অৱমাননা কৰা বুলি বিৰোধী পক্ষক সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয় যে, দেশৰ জনসাধাৰণে সংসদত বাজেট সন্দৰ্ভত ইতিবাচক আৰু অৰ্থৱহ আলোচনা হোৱাটো বিচাৰে। তেওঁ লগতে কয় যে, একাংশ দলৰ নেতাৰ ব্যক্তব্যই সদনৰ মৰ্যাদা হানি কৰিছে। তেওঁ বিৰোধী পক্ষক জনাদেশক সন্মান জনাবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি শ্ৰী ৰিজিজুৱে কয় যে, নির্বাচন সম্পন্ন হৈছে আৰু এতিয়া সকলোৱে বিকশিত ভাৰতৰ হকে কাম কৰাৰ লগতে কেন্দ্ৰীয় বাজেট সম্পৰ্কত গঠনমূলক আলোচনা কৰা উচিত। বিৰোধী নেতাসকলে বাজেট সম্পর্কে উল্লেখযোগ্য কোনো কথা কোৱাৰ বিপৰীতে কেৱল ৰাজনীতি কৰিছে আৰু প্ৰধানমন্ত্ৰীক অৱমাননা কৰিছে বুলি তেওঁ মন্তব্য কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলৰ নেতাসকলে সদস্যসকলক সংসদৰ মজিয়াত হুলস্থূল যুক্তিসংগত বিতৰ্কত ভাগ ল’বলৈ আহ্বান জনোৱা উচিত। তেওঁ কয় যে এই বাজেটে ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰাৰ লগতে আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন, সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ বাবে সুবিধা, মহিলাৰ অংশগ্রহণ নিশ্চিত কৰাৰ উপৰি নিয়োগ সৃষ্টি আৰু কৃষকৰ বাবে সুবিধা সৃষ্টি কৰিছে। শ্ৰী ৰিজিজুৱে কয় যে যদি বিৰোধীয়ে এই কথা নুবুজে তেন্তে জনসাধাৰণে তেওঁলোকক শাস্তি বিহিব। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসাধাৰণৰ বাবে তৃতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হৈছে কিন্তু বিৰোধীয়ে এই সন্দৰ্ভত ব্যাখ্যা সলনি কৰিবলৈ চেষ্টা কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বাজেট অধিৱেশনত বাজেট সম্পৰ্কেহে আলোচনা হোৱা উচিত। খেতিয়ক আৰু জনজাতীয় লোকসকলৰ বাবে বাজেটত আগবঢ়োৱা সুবিধাসমূহৰ বিষয়ে আলোচনা নকৰি বিৰোধী পক্ষই কিয় ফালৰি কাটিছে বুলি তেওঁ প্রশ্ন উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক