ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ভূৱনেশ্বৰৰ কলিংগ ঔদ্যোগিক প্রযুক্তি প্রতিষ্ঠান –চমুকৈ কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত নেপালৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ’ব আৰু দোষীক আইনৰ আওতালৈ অনা হ’ব বুলি নেপালৰ দূতাবাসক আশ্বাস দিছে। শ্রীমাঝিয়ে আজি নেপাল দূতাবাসৰ দুগৰাকী কটকীৰ সৈতে এই সন্দৰ্ভত কথা পাতে আৰু বিশ্ববিদ্যালয়ৰ চৌহদত বাস কৰা শ শ নেপালী ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা সম্পর্কে তেওঁলোকক আশ্বস্ত কৰে। বিশ্ববিদ্যালয়খনত শীঘ্ৰে শান্তিৰ পৰিবেশ ঘুৰাই অনা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়। তেওঁ এই ঘটনাত ভীতিগ্ৰস্ত হৈ বিশ্ববিদ্যালয় চৌহদ ত্যাগ কৰা নেপালী ছাত্র-ছাত্রীসকলক শীঘ্ৰে ঘুৰি আহিবলৈকো মুখ্যমন্ত্রী মাঝিয়ে আহ্বান জনায়। নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰাণা দেওবাই ওড়িশাৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী সূৰ্যবংশী সূৰজৰ সৈতে ঘটনা সন্দৰ্ভত টেলিফোনযোগে বাৰ্তালাপ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে, ভূৱনেশ্বৰৰ কে আই আই টি চৌহদত ছাত্ৰসকলৰ প্ৰতিবাদ আজিও অব্যাহত আছে আৰু প্ৰতিবাদকাৰীসকলে ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্তৰ দাবী জনাই আছে।
Site Admin | February 19, 2025 8:21 PM | KIIT
কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী নেপালৰ ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ’ব বুলি ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আশ্বাস
