ডাউনলোড
মোবাইল এপ

android apple
signal

January 20, 2025 1:06 PM | kho-kho world cup

printer

খো খো বিশ্বকাপৰ উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ইতিহাস ৰচনা

প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক ৫৪-৩৬ পইণ্টৰ ব্যৱধানত আৰু মহিলা দলে নেপালকেই ৭৮-৪০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ পৰ্যায়ত ব্রাজিল, পেৰু আৰু ভূটানক বৃহৎ ব্যৱধানত তথা কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত শক্তিশালী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। ইপিনে মহিলা দলটোৱেও গ্রুপ পৰ্যায়ত দক্ষিণ কোৰিয়া, ইৰাণ আৰু মালয়েছিয়াক পৰাস্ত কৰাৰ উপৰি কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, ওড়িশাৰ ক্ৰীড়া মন্ত্ৰী সূৰ্যবংশী সূজকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি প্রতিযোগিতাৰ ফাইনেল খেল উপভোগ কৰিবলৈ উপস্থিত থাকে ।

ভাৰতীয় দলৰ এই জয়ৰ পাছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে এই বিজয় ঐতিহাসিক বুলি অভিহিত কৰি ভাৰতৰ পৰম্পৰাগত খেল-ধেমালিৰ অধিক প্ৰচাৰ হোৱাৰ উপৰি ইয়াৰ জৰিয়তে যুৱ-প্ৰজন্ম যথেষ্ট উৎসাহিত হ’ব বুলি আশা প্ৰকাশ কৰে।

 

অধিক পঢ়ক

সকলো চাওক