বিহাৰৰ পাটনাৰ পাটলীপুত্ৰৰ ক্ৰীড়া পৰিসৰত আজি খেলো ইণ্ডিয়াৰ পূব মণ্ডলৰ অস্মিতা যোগাসন প্রতিযোগিতা আৰম্ভ হ’ব। বিহাৰ যোগাসন ক্রীড়া সন্থাই প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতাৰ আয়োজন কৰিছে। অসম, বিহাৰ, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, পশ্চিম বংগ আৰু ওড়িশাকে ধৰি পূব মণ্ডলৰ ১১খন ৰাজ্যৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ১২ৰ পৰা ১৮ বছৰ আৰু ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ খেলুৱৈয়ে পাঁচটা মূল শিতানত ভাগ ল’ব। খেলো ইণ্ডিয়া ৱ’মেনছ লীগৰ ইউটিউব চেনেলযোগে প্রতিযোগিতাৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। এই তিনিদিনীয়া প্রতিযোগিতাখনিৰ অহা ২৪ আগষ্টত সামৰণি পৰিব।
Site Admin | August 22, 2024 11:56 AM | Khelo India’s ASMITA Yogasana League to begin in Bihar today