নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত কালি চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছেই কয় যে খেলো ইণ্ডিয়া পেৰা গেমছ পেৰা এথলীটসকলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে। এইবেলি ক্রীড়া প্রতিযোগিতাখনত ১৮টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে প্ৰদৰ্শন কৰা শক্তিশালী ক্রীড়া মনোভাৱৰো প্ৰশংসা কৰে। সমগ্ৰ দেশতে ক্ৰীড়াৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে তেওঁ পুনৰবাৰ সদৰি কৰে। খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণত এইবেলি পেৰা এথলীটসকলে ৫৫০ টাতকৈও অধিক পদক জয় কৰে। পদক তালিকাত হাৰিয়ানাই ৩৪টা সোণৰ, ৩৯টা ৰূপৰ আৰু ৩১টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষস্থান দখল কৰে। তালিকাত তামিলনাডুৱে ২৮টা সোণৰ, ১৯টা ৰূপৰ, আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে উত্তৰ প্রদেশে ২৩টা সোণৰ, ২১টা ৰূপৰ আৰু ২০টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰে। আঠদিনীয়া প্রতিযোগিতাখনত ১৩০০ গৰাকীৰো অধিক পেৰা এথলীটে অংশগ্ৰহণ কৰে ৷
Site Admin | March 28, 2025 1:40 PM | Khelo India
চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি, ৩৪টা সোণৰ পদকেৰে হাৰিয়ানা শীৰ্ষস্থানত
