বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই পূব মণ্ডলৰ লীগ অহা ২৪ আগষ্টত সামৰণি পৰিব। বিহাৰ যোগাসন স্পৰ্টছ এছ’চিয়েচনে এই লীগৰ আয়োজন কৰিছে। পূব মণ্ডলৰ ৰাজ্যসমূহৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে লীগত অংশগ্ৰহণ কৰিছে। এই ৰাজ্যকেইখন হৈছে – অসম, অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশা। ১২ৰ পৰা ১৮ আৰু ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ খেলুৱৈসকলে ৫টা প্রধান শিতানত অংশগ্ৰহণ কৰিব। খেল’ ইণ্ডিয়া মহিলা লীগৰ আনুষ্ঠানিক ইউ টিউব চেনেলত এই খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰা হ’ব।
Site Admin | August 22, 2024 5:46 PM | Khelo India