ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূৰ্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ’ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এইপর্যন্ত ২২ লাখৰো অধিক মহিলাই খেল মহাৰণৰ বাবে পঞ্জীয়ন কৰিছে।
Site Admin | October 30, 2024 8:27 PM | khel maharon 49 lakh register