অসমৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আজি ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই পদক্ষেপে অসমৰ বিশাল ক্রীড়া সম্ভাৱনা বৃদ্ধিৰ লগতে ক্রীড়া সংস্কৃতি বিকাশত পুনৰ এক নতুনত্বৰ সূচনা কৰিব।
Site Admin | November 13, 2024 6:32 PM | khel maharon
আজি ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ
