ডাউনলোড
মোবাইল এপ

android apple
signal

ইছৰোৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ এছ পানিকাৰ সোমনাথৰ সৈতে মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ সচিব এছ পানিকাৰ সোমনাথৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে ইছৰোই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা নেটৱৰ্ক অৱ স্পেচ অৱজেক্ট ট্রেকিং এণ্ড এনালাইছিছ চমুকৈ নেট্ৰ প্রকল্প সন্দৰ্ভত ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনাকালত অসম বিজ্ঞান প্রযুক্তি, আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ গৱেষণা কেন্দ্ৰৰ সঞ্চালক তথা বিজ্ঞান প্রযুক্তিবিদ্যা বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী উপস্থিত থাকে। উল্লেখযোগ্য যে মহাকাশ বিষয়ক কাম-কাজ সুৰক্ষিত আৰু বহনক্ষম ৰূপত আগবঢ়াই নিয়াৰ বাবে ইছৰোৱে বিশেষভাৱে মহাকাশ পৰিস্থিতি সজাগতা প্রণালী ইতিমধ্যে কাৰ্যকৰী কৰিছে। ইয়াৰ বাবে বেংগালুৰুত থকা এই প্ৰণালীৰ মূল কক্ষ নেট্ৰৰ পৰা এই প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অংশ হিচাপে অসমতো নেট্ৰ প্ৰকল্পৰ কেন্দ্ৰ স্থাপন কৰিবলৈ পৰিকল্পনা লোৱা হৈছে। অসম চৰকাৰে ইয়াৰ বাবে চন্দ্ৰপুৰত ২০০ বিঘা ভূমি ইছৰোক আবণ্টন দিয়াৰ বিষয়ে মন্ত্ৰী মহন্তই কালি অধ্যক্ষগৰাকীক অৱগত কৰে। তদুপৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে নেট্ৰ কেন্দ্ৰটো নিৰ্মাণকাৰ্যৰ বাবে সকলো সহযোগিতা আগবঢ়াবলৈ চৰকাৰ সাজু থকা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মহাকাশ বিষয়ক সম্ভাব্য ভাবুকি হ্রাস কৰাৰ লগতে ৰাষ্ট্ৰীয় মহাকাশ সম্পদৰাজিৰ সুৰক্ষাৰ ক্ষেত্ৰত নেট্ৰ প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পত স্থাপন কৰিবলগীয়া অত্যাধুনিক ৰাডাৰৰ জৰিয়তে ভূপৃষ্ঠৰ পৰা মহাকাশৰ ২ হেজাৰ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত উদ্ভৱ হোৱা ন্যূনতম ১০ চেণ্টিমিটাৰ আকাৰৰ বস্তুও ধৰা পেলাব পৰা যাব। মন্ত্ৰী শ্ৰীমহন্তই ইছৰোৰ অধ্যক্ষগৰাকীক অসমত ইছৰোৰ এটা আঞ্চলিক কেন্দ্ৰ স্থাপনৰ বাবে অনুৰোধ জনায়।

অধিক পঢ়ক

সকলো চাওক