কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আজি বিয়লি গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেছিয়াত নিৰ্মীয়মাণ ‘গুৱাহাটী বিজ্ঞান নগৰী’ (ছায়েন্স চিটি) প্ৰকল্পথলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনকালত ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক বিজয় শংকৰ শৰ্মা, অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড° জয়দীপ বৰুৱাও উপস্থিতি থাকে। উল্লেখ্য যে, কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ বিজ্ঞান সংগ্ৰহালয় শিতানৰ পুঁজিৰে কলকতাৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় তথা ‘ছায়েন্স চিটি’ৰ সমপৰ্যায়ৰ বিজ্ঞান সংগ্ৰহালয়ৰ আৰ্হিত সোণাপুৰত উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিজ্ঞান নগৰী নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ বিজ্ঞান নগৰী প্ৰকল্প চৌহদ পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তক লগত লৈ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ (এনচিএছএম) আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, ৰাজ্যৰ লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকতো মিলিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত বিজ্ঞান নগৰী প্ৰকল্পৰ নিৰ্মাণকাৰ্য যথেষ্ট মন্থৰ হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এনচিএছএম আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তাৰ লগতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক জবাবদিহি কৰে। ২০২৫ চনৰ অক্টোবৰৰ ভিতৰতে এই ‘ছায়েন্স চিটি’ মুকলিৰ সময়সীমা ধাৰ্য কৰি কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শেখাৱটে নিৰ্মাণকাৰ্যৰ গতি জোৰদাৰ কৰি প্ৰকল্পটোৰ অৱশিষ্ট কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ (গৃহ) বিভাগ, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদ আৰু বিজ্ঞান, প্ৰযুক্তি আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নিৰ্দেশ দিয়ে। ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সচিবগৰাকীক এতিয়াৰে পৰা প্ৰতিটো পষেকতে বিজ্ঞান নগৰীখনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবেও বৈঠকত দায়িত্ব দিয়ে। এনচিএছএম, লোক নিৰ্মাণ (গৃহ) বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়া-অভিযন্তা আৰু কাৰ্যবাহীৰে প্ৰতি পোন্ধৰ দিনত এবাৰকৈ পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ লগতে প্ৰকল্পথলী পৰিদৰ্শন কৰি অগ্ৰগতি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তৰ লগতে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ ওচৰত নিয়মীয়াকৈ প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগীয় সচিবগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী শেখাৱটে দিহা দিয়ে। আনহাতে, গুৱাহাটী বিজ্ঞান নগৰীৰ নিৰ্মাণকাৰ্যৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনাৰ বাবে অতি শীঘ্ৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ শীৰ্ষ বিষয়াসকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰিব বুলিও কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰীগৰাকীক অৱগত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শেখাৱটে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তক জানিবলৈ দিয়া মতে, গুৱাহাটী বিজ্ঞান নগৰীক অহা বছৰৰ নৱেম্বৰৰ পৰাই সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশনা আগবঢ়াব।
Site Admin | November 27, 2024 9:10 PM | keshab mahanta sekhawat sonapur science city