ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 12:55 PM | Keshab Mahanta

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি আমালৈ আহিছে। ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলত ধুমুহা আৰু শিল-বৰষুণত ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গছ-গছনি আৰু বৈদ্যুতিক খুঁটা উভালি পৰাৰ ফলত যাতায়তৰ লগতে বিদ্যুৎ যোগান সেৱাও ব্যাহত হৈ পৰে। ক্ষতিগ্ৰস্ত ২৭টা পৰিয়ালক টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা টিনপাত যোগান ধৰা হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ডিগবৈ অঞ্চলত হোৱা শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ ব্যাপক ক্ষতিসাধনৰ লগতে বহুকেইটা বাসগৃহৰ ক্ষতি হয়। ধুমুহাৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। চৰাইদেউ জিলাৰ মাহমৰাতো প্ৰচণ্ড ধুমহা আৰু শিলাবৃষ্টিৰ ফলত বিদ্যালয় গৃহকে ধৰি ৰবিশস্যৰ বিস্তৰ ক্ষতি হয়। ধুমুহাত জিলাখনৰ বৰবিল আৰু লেচাইহাবি ৰাজহুৱা প্ৰেক্ষাগৃহ দুটা বিধবস্ত হয়। জিলা আয়ুক্ত ড০ নেহা যাদৱে বানফেৰা অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈ পৰিয়ালসমূহৰ মাজত টিপাল বিতৰণ কৰে। ধেমাজি জিলাতো ধুমুহা বৰষুণত চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক পৰিয়ালৰ ঘৰ-বাৰী ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে ।

 

অধিক পঢ়ক

সকলো চাওক