October 24, 2024 1:13 PM | Keshab Mahanta

printer

নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কেশৱ মহন্তৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে নতুনকৈ বালিচৰ পৰাৰ বাবে নিয়মীয়া ফেৰী সেৱা বন্ধ হৈ পৰাত কমলাবাৰী নিমাতীঘাট সংযোগী জলপথৰ শেহতীয়া অৱস্থাৰ বুজ লবলৈ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী শ্ৰী মহন্তই কমলাবাৰী ঘাটৰ পৰা ফেৰী চলাচল পুনৰ আৰম্ভ কৰিবলৈ জল পৰিবহণ বিভাগে নদীৰ মাজৰ বালিচৰত খনন কাৰ্য আৰম্ভ কৰিব বুলি ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়ক ভূৱন গাম আৰু জিলা আয়ুক্তৰ উপস্থিতিত নদীখনৰ বাম হৈ পৰা বালিচৰসমূহৰ গতি-প্ৰকৃতিৰ বুজ লয়। ইয়াৰ লগতে খৰালি ব্ৰহ্মপুত্ৰৰ মাজৰ মূল সুঁতিৰ এটা সৰু অংশত বালি পৰি গঠন হোৱা বালিচৰতো জল পৰিবহণ বিভাগে খনন আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মাজুলীৰ সমাগত ৰাস আৰু পালনামৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে ফেৰী চলাচল আৰম্ভ কৰিবলৈ চেষ্টা কৰা হৈছে বুলি শ্ৰী মহন্তই সাংবাদিকৰ আগত জানিবলৈ দিয়ে। তদুপৰি পাৰঘাটসমূহত বিকল হৈ থকা জাহাজসমূহৰো বিভাগে তথ্য সংগ্ৰহ কৰি বিকল্পৰ ব্যৱস্থা কৰিব বুলি তেওঁ অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক