দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তন কৰিব বিচাৰে বাবেই গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত ৪০০খনতকৈও অধিক আসন বিচাৰে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে তেওঁ লক্ষ্ণৌত যুটীয়াভাৱে এখন সংবাদ মেলত ভাষণ দিয়ে। শ্রীকেজৰিৱালে কয় যে বিজেপি আৰু আৰ এছ এছৰ সমগ্ৰ ব্যৱস্থাই সদায় সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকে জনসাধাৰণক প্ৰথমৰে পৰাই বিজেপিয়ে যে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে সেই বিষয়ে সকীয়াই আহিছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি অখিলেশ যাদৱে বিজেপি এটা মিথ্যাচাৰী দল বুলি অভিযোগ কৰে। জনসাধাৰণে এতিয়া বাস্তৱিকতা কি সেয়া উপলব্ধি কৰিছে আৰু তেওঁলোকে কেতিয়াও বিজেপিক গ্রহণ নকৰে বুলিও শ্রীযাদৱে উল্লেখ কৰে। তেওঁ কয় যে মিত্ৰজোঁটে সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দিয়াৰ লগতে সাধাৰণ ৰাইজৰ মৌলিক প্রয়োজনসমূহ ৰক্ষাৰ বাবেও যুঁজি যাব।
Site Admin | May 16, 2024 6:40 PM | kejriwal meeting with akhilesh