কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় এই গোচৰত দিল্লী চৰকাৰৰ স্থিতি ক্রমান্বয়ে স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে। 

Read More News : 

উল্লেখ্য যে দেওবাৰে নতুন দিল্লীৰ ৰামলিলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু কাৰাগাৰত বন্দী হৈ থকা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছ ‘ৰেনৰ সমৰ্থনত আই এন ডি আই এই এক ৰাজহুৱা প্ৰতিবাদী সভাৰ আয়োজন কৰিছিল। এই প্ৰতিবাদী সভাৰ বিৰুদ্ধে প্রতিক্রীয়া প্ৰকাশ কৰি বিজেপি নেতা গৰাকীয়ে কয় যে ইণ্ডি মৰ্চাই দুৰ্নীতিৰ গোচৰৰ সন্মুখীন হোৱা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিজেপিৰ আন এগৰাকী মুখপাত্র ছাজিয়া ইলমীয়ে কয় যে কেজৰিৱালে এসময়ত চোৰ বুলি অভিহিত কৰা ৰাজনৈতিক নেতাসকলে এতিয়া তেওঁৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।

অধিক পঢ়ক

সকলো চাওক