ডাউনলোড
মোবাইল এপ

android apple
signal

November 26, 2024 12:19 PM | kaziranga tourism

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা অহা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ’ব। কাজিৰঙাৰ লগতে ৰাজ্যখনৰ পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় পর্যটন মন্ত্ৰালয়ে অসম পৰ্যটনৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০ গৰাকী প্ৰতিনিধিৰ লগতে কেন্দ্রীয় পর্যটন মন্ত্ৰ্যালয়ৰ ১৮০ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। বিদেশী অতিথিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাতীখুলি চাহ বাগিচা আৰু কাজিৰঙা জাতীয় অর্কিড উদ্যান দর্শন কৰিব। উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে পর্যটন মেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই অনুষ্ঠানত কাইলৈ কেন্দ্রীয় পর্যটন তথা সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱট, কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক