ভাৰতৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বিচৰণভূমি কাজিৰঙা, হাতী, ঢেকীয়াপতিয়া বাঘ, দুষ্প্ৰাপ্য দলহৰিণৰো বিচৰণৰ্থলী। পৰিয়ালৰ সৈতে কাজিৰঙা দৰ্শনলৈ অহা খেলুৱৈগৰাকীয়ে কাজিৰঙাৰ কঁহৰাৰ এটা ব্যক্তিগত পর্যটন নিবাসত নিশা কটোৱাৰ লগতে উদ্যানৰ অন্তৰ্ভাগত পৰিয়ালৰ সদস্যসকলৰ সৈতে হাতী আৰু জীপ ছাফাৰী কৰিব। কাজিৰঙালৈ তেণ্ডুলকাৰৰ আগমনৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু ক্ৰিকেট প্ৰেমীসকল উৎসাহিত হৈ পৰিছে। স্থানীয় প্রশাসনেও তেণ্ডুলকাৰৰ আগমনক লৈ তৎপৰতা বৃদ্ধি কৰিছে।
Site Admin | April 7, 2025 11:14 AM | kaziranga sashin tendulkar
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আজি পৰিয়ালসহ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ
