কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পর্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাখন মুকলি কৰে। পৰ্যটন মেলাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পর্যটন মন্ত্রীসকল উপস্থিত থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে অঞ্চলটোৰ পৰ্যটন আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলি কেন্দ্ৰীয় মন্ত্রী শ্রীশেখাৱটে মন্তব্য কৰে। পৰ্যটন মেলাখন মুকলি কৰাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পুঁজি আবণ্টন বৃদ্ধি কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক দেশৰ বিকাশৰ বাবে অষ্টলক্ষ্মী আখ্যা দি অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ নিজৰ দেশখন চাওক শীৰ্ষক উদ্যোগৰ বাবে যোৱাটো বৰ্ষত উত্তৰ-পূৰ্বাঞ্চললৈ ২৩ লাখ পর্যটক আহিছিল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ দুৱাৰডলি বুলি অভিহিত কৰি অঞ্চলটোৰ চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ বান্ধোন অধিক শক্তিশালী কৰা বুলিও কয়। কাজিৰঙাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাই চহকী পর্যটন ক্ষেত্ৰ তথা সংস্কৃতিক বিশ্বৰ আগত তুলি ধৰি অঞ্চলটোক লাভৱান্বিত কৰিব বুলিও কেন্দ্রীয় মন্ত্রী শ্রীশেখাৱটে উল্লেখ কৰে।
একেটা অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, যে এই পৰ্যটন মেলাই উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰক বিশ্বৰ পৰ্যটকক চিনাকি কৰি দি দেশৰ উন্নয়নত সহায় কৰিব। অসমৰ ঘৰুৱা পৰ্যটন ক্ষেত্ৰই যোৱাটো পৰ্যটন বৰ্ষত ৫৭৫ শতাংশ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে যোৱা ১০ বছৰত ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনৰ ২০০ শতাংশ বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ কৰাৰ বাবে সশস্ত্র বাহিনীক বিশেষভাৱে ধন্যবাদ জনায়। উল্লেখযোগ্য যে কেন্দ্রীয় পৰ্যটন মন্ত্ৰ্যালয়ে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিপ্রাপ্ত কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাখনৰ আয়োজন কৰিছে। এই মেলাই উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ লগতে বাণিজ্য তথা উদ্যোগসমূহকো ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চ দিছে। মেলাখনত ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ট্যুৰ অপাৰেটৰ, হোটেল ব্যৱসায়ী, পর্যটন সেৱা আগবঢ়োৱা প্ৰায় ৪০০ প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছে।