ডাউনলোড
মোবাইল এপ

android apple
signal

September 30, 2024 7:06 PM | kaziranga opening

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাইলৈ মুকলি কৰা হ’ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্রথম অৱস্থাত পর্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামতি কৰাৰ লগতে জীপ চালকসকলকো প্রশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কার্যসূচী সমাপ্ত হৈছে। কাইলৈ উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। বাট-পথৰ মেৰামতি তথা আন আভ্যন্তৰীণ কামসমূহ সম্পূৰ্ণ হোৱাৰ পাছতে হাতী ছাফাৰীৰ লগতে পৰ্যটকৰ বাবে অনুমোদিত সকলো অঞ্চল পর্যটকে ভ্ৰমণ কৰিব পাৰিব। ৰাষ্ট্ৰীয় উদ্যানখনক কেন্দ্ৰ কৰি হস্তশিল্পৰ পৰ্যটন উদ্যোগো গঢ় লৈ উঠিছে। হস্তনির্মিত কাজিৰঙাৰ জীৱকুলৰ প্ৰতিকৃতি ক্ৰয় কৰিবলৈ বহু লোকৰ সমাগম হয়। উল্লেখযোগ্য যে যোৱা বছৰৰ ৩১ মে’ত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটন বৰ্ষৰ সামৰণি পৰাৰ পাছত কাইলৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্যানখন মুকলি কৰিব। ইফালে কাইলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখন মুকলি কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তোলা হৈছে। এইবাৰ পৰ্যটকসকলৰ সুবিধার্থে বন বিভাগে নিজাকৈ ছটা কোঠাৰ ইক’ কেম্প মুকলি কৰিছে। এইবেলি উদ্যানখনত পৰ্যটকৰ সমাগম বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক