আজি দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

■ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি হ’ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামতি কৰাৰ লগতে জীপ চালক সকলকো প্ৰশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কাৰ্যসূচী সমাপ্ত হৈছে। আজি উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

ইফালে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পও পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখন মুকলি কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তোলা হৈছে। এইবাৰ পৰ্যটকসকলৰ সুবিধার্থে বন বিভাগে নিজাকৈ ৬ টা কোঠাৰ ইকো কেম্প মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক