ডাউনলোড
মোবাইল এপ

android apple
signal

November 22, 2024 12:17 PM | KAZIRANGA NATIONAL PARK

printer

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অনুষ্ঠিত হ’ব। পৰ্যটন মেলাৰ লগত সংগতি ৰাখি কেইবাখনো আলোচনাসত্ৰ আৰু বৈঠক অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱট, কেন্দ্রীয় বন্দৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু হস্ততাঁত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে অতিথিসকলে ২৬ নৱেম্বৰত ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত তেওঁলোকক বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিবলৈ লৈ যোৱা হ’ব। কাজিৰঙালৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁলোকে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰো দৰ্শন কৰিব। পৰ্যটন মন্ত্ৰ্যালয়ৰ সচিব ভি বিদ্যাৱতীয়ে ২৭ নৱেম্বৰৰ পুৱা অনুষ্ঠানত আদৰণি ভাষণ দিব। পর্যটন মেলাৰ লগত সংগতি ৰাখি কাজিৰঙাৰ কঁহৰাৰ সভাগৃহত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকখন ৰাজ্যৰ পৰ্যটন ব্যৱস্থাক উপস্থাপন কৰাৰো দিহা কৰা হৈছে। দ্বিতীয় দিনা মেলাত অংশগ্ৰহণ কৰিবলৈ আহিবলগীয়া সন্মানীয় অতিথি তথা প্রতিনিধিসকলে কাজিৰঙা বনাঞ্চলত জীপ ছাফাৰী কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান আৰু হাতীখুলি চাহ বাগিচা ভ্ৰমণ কৰিব। বিয়লি ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে।

অধিক পঢ়ক

সকলো চাওক