কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২৫ পর্যটন বর্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ক’হৰা আৰু বুঢ়া পাহাৰ বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি হয়। বর্তমান পর্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা কৰা হৈছে। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰ বাট-পথসমূহ মেৰামতি কৰাৰ লগতে জীপ চালক সকলকো প্রশিক্ষণ প্ৰদান কৰিছে। ইতিমধ্যে কেইবালানিও প্রশিক্ষণ কাৰ্যসূচী সমাপ্ত হৈছে। আজি উদ্যোনখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পাটোৱাৰীৰ লগতে আবকাৰী আৰু মীন মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাচাৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইফালে আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত প্রকল্পও ২০২৪-২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি হয়। মঙলদৈ বন্য প্রাণী সংমণ্ডল বিষয়াই ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তোলা হৈছে। এইবাৰ পৰ্যটকসকলৰ সুবিধার্থে বন বিভাগে নিজাকৈ ছটা কোঠাৰ ইকো কেম্প মুকলি কৰিছে।
Site Admin | October 1, 2024 8:07 PM