September 11, 2024 8:03 PM | KAZIRANGA NATIONAL PARK

printer

অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হব। জীপ ছাফাৰীৰে আৰম্ভ হবলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পৰ্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ছাফাৰীৰ অনুমতি প্ৰদান কৰাৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলত মুখ্য কাৰ্যালয়ৰ পৰা ডিফলু এপিচিলৈকে পর্যটকসকলে জীপ ছাফাৰী কৰিব পাৰিব। কাজিৰঙা পৰ্যটনৰ আন এক উল্লেখনীয় সমল নদী পৰ্যটনো ১ অক্টোবৰতে উদ্যান কৰ্তৃপক্ষই মুকলি কৰিব। শেহতীয়াকৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আগমনৰ পাছত উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হব বুলি আশা প্ৰকাশ কৰিছে। উদ্যানখনৰ সঞ্চালিকাই জানিবলৈ দিয়া অনুসৰি বাট-পথৰ মেৰামতি হৈ থকাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি কৰা হব। অহা ১ নৱেম্বৰত অন্যতম আকৰ্ষণ হাতী ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখন পূৰ্ণ পৰ্যায়ত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব।

অধিক পঢ়ক

সকলো চাওক