ডাউনলোড
মোবাইল এপ

android apple
signal

সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল প্লাবিত

ৰাজ্যত বানে জটিলৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ- জন্তুৱেও দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি ১৭ টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বনবিভাগে আন ৭২ টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩২ টা বন্য জীৱ সদ্যহতে চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৫ টা জন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও সাম কটা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ অঞ্চল প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত বন্যপ্রাণীসমূহে বন বিভাগে নির্মাণ কৰা হাইলেণ্ড অর্থাৎ মাটিৰ ওখ ঢিপ সমূহত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। কিছু সংখ্যক বণ্য প্রাণী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশৰ কাৰ্বি পাহাৰ তথা পাহাৰৰ নামনিত আশ্ৰয় লৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ অধীনত থকা ২৩৩ টা বন শিবিৰৰ ভিতৰত ১৪১ টা সম্প্রতি বানত বুৰ গৈছে৷ ইপিনে লাওখোৱা বণ্যপ্রাণী অভয়াৰণ্যৰ প্ৰায় ৪০ শতাংশ এলেকা বানত বুৰ গৈছে। অভয়াৰণ্যখনৰ মুঠ ২৩টা বন শিবিৰৰ ভিতৰত ১০ শিবিৰ বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে। বুঢ়া চাপৰি অভয়াৰণ্যৰে প্রায় ৮০ শতাংশ অঞ্চল বানত বুৰ গৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে অভয়াৰণ্যখনৰ ১৮ টা বন শিবিৰৰ ভিতৰত ১৭ টা প্লাবিত কৰিছে। ৰাজ্যৰ বিভিন্ন বনাঞ্চলৰ জীৱ-জন্তুসমূহে খাদ্য আৰু ওখ স্থানৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক