কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪ লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত ১০ কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কর্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্রকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত ১৭ হাজাৰ ৬৯৩ গৰাকী বিদেশী পর্যটকসহ মুঠ ৪ লাখ ছহেজাৰ ৫৬৪ গৰাকী পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰ জৰিয়তে ১০ কোটি ৯০ লাখ ৮৯ হাজাৰ ৩৮৯ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। তদুপৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ সহ বিভিন্ন দেশৰ ৬০ গৰাকী ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই বাষ্ট্ৰীয় উদ্যানখন ভ্রমণ কৰিছিল। উল্লেখযোগ্য যে নিউয়র্ক টাইম্ছৰ সমীক্ষাতো কাজিৰঙাই বিশ্বৰ অন্যতম দর্শনীয় পর্যটন স্থানৰ তালিকাত শীর্ষ স্থান দখল কৰিছিল। এনেবোৰ কাৰণতে উদ্যানখনলৈ বিগত ১০ বছৰত পৰ্যটকৰ সংখ্যা সামগ্ৰিকভাৱে ৪ গুণ বৃদ্ধি হোৱাৰ উপৰি বিদেশী পৰ্যটক ৪.৫ শতাংশলৈ বৃদ্ধি হৈছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে ।
Site Admin | April 3, 2025 1:28 PM | kaziranga national parkk
২০২৪-২৫ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ লাখৰো অধিক পৰ্যটকৰ আগমন
