ডাউনলোড
মোবাইল এপ

android apple
signal

November 25, 2024 7:23 PM | kasheb mahanta

printer

আৱকাৰী বিভাগৰ কাম-কাজ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যখনত অবৈধ সুৰাৰ বিৰুদ্ধে অনমনীয় স্থিতি গ্ৰহণৰ বাবে আৱকাৰী বিভাগক নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীত আজি বিভাগটোৰ কামকাজৰ পৰ্যালোচনা কৰি আৱকাৰী মন্ত্ৰী মহন্তই এই নিৰ্দেশ দিয়ে।  গণেশগুৰিৰ কৰ ভৱনৰ সভাকক্ষত সকলো জিলাৰ আৱকাৰী অধীক্ষক আৰু উপ-অধীক্ষকৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বিভাগীয় মন্ত্ৰীগৰাকী। ৰাজ্য চৰকাৰৰ আৱকাৰী আয়ুক্ত সচিব ৰাকেশ কুমাৰ, আৱকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা আৰু আৱকাৰী আয়ুক্ত জিতু দলেয়ো অংশগ্ৰহণ কৰা এই বৈঠকত আৱকাৰী মন্ত্ৰীগৰাকীয়ে জিলাসমূহত অবৈধ সুৰাৰ প্ৰচলন প্ৰতিৰোধ কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বিতং খতিয়ান লয়। আলোচনাকালত মন্ত্ৰী মহন্তই জিলাসমূহত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ লগতে বহিঃৰাজ্যৰ সুৰাৰ চোৰাং সৰবৰাহ ৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ জিলা আৱকাৰী অধীক্ষক আৰু উপ-অধীক্ষকসকলক কঠোৰ নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়েই যাতে নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি নাযায়, তাৰ বাবেও তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। তদুপৰি, প্ৰতিখন জিলাতে বাৰ আৰু ৱাইনশ্ব’পসমূহত আৱকাৰী  নীতি-নিয়মসমূহ কঠোৰভাৱে বলবৎ হোৱাটো সুনিশ্চিত কৰিবলৈও আৱকাৰী বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। কোনো বাৰ বা ৱাইনশ্ব’পেই যাতে আৱকাৰী নিষেধাজ্ঞা উলংঘন নকৰে, সেই বিষয়ত চোকা নজৰ ৰাখিবলৈও আৱকাৰী অধীক্ষক আৰু উপ অধীক্ষকসকলক বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে। বৈঠকত সুশৃংখলিত ভাৱে আৱকাৰী ৰাজহ সংগ্ৰহ, পথ সুৰক্ষাৰে জড়িত আৱকাৰী নিৰ্দেশনাৰ কাৰ্যৰূপায়নকে ধৰি আনুষংগিক বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক