কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ কর্মযোগী সপ্তাহৰ ফলাফল অতি সুন্দৰ আৰু এই অনুষ্ঠানত দেশৰ কৰ্মযোগীসকলক কাষ চপাই অনাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। দিল্লীত অনুষ্ঠিত কৰ্মযোগী সপ্তাহৰ সামৰণী অনুষ্ঠানত ভাষণ দি ড০ সিঙে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ ধাৰণাটো আগবঢ়াই আনিছে। তেওঁ কয়, যে এই শিক্ষণ প্ৰক্ৰিয়া অবিৰত থকা উচিত। দক্ষতা নিৰ্মাণ আয়োগৰ অধ্যক্ষ আদিল জাইনুলভায়ে কয়, যে ৱেবিনাৰ, কর্মশালা তথা iGOT মঞ্চত দক্ষতাৰ সৈতে জড়িত শিক্ষা ব্যৱস্থাসমূহে কৰ্মক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে আজীৱন শিক্ষণ ব্যৱস্থাৰ পথ সুগম কৰি তুলিছে। ১৯ ৰ পৰা ২৭ অক্টোবৰলৈকে অনুষ্ঠিত কর্মযোগী সপ্তাহত বিভিন্ন চৰকাৰী বিভাগৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠ কৰ্মচাৰীসকলে শিক্ষা আৰু বিকাশৰ সুন্দৰ অভিজ্ঞতা লাভ কৰিলে। উল্লেখযোগ্য যোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ১৯ অক্টোবৰ তাৰিখে এই কর্মযোগী সপ্তাহৰ উদ্বোধন কৰিছিল ।