ডাউনলোড
মোবাইল এপ

android apple
signal

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰি মুকলি, আজিৰে পৰা মুকলি নামেৰী ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী মুকলি কৰা হ’ব। ইতিমধ্যে হাতীৰ ছাফাৰীৰ বাবে হাতীৰ স্বাস্থ্য পৰীক্ষা, মাউতৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় সকলো কাম-কাজ সম্পন্ন কৰা হৈছে। কঁহৰা বনাঞ্চলত বন বিভাগৰ ১০টা পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত প্ৰায় ৫০ হাতীৰ পঞ্জীয়ন কৰা হৈছে। ইপিনে, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্রকল্প ২০২৪-২৫ বৰ্ষৰ বাবে আজিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পশ্চিম অসম বন্যপ্ৰাণী বিভাগৰ বন সংৰক্ষক তথা নামেৰী ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ পৰিচালকে এই বিষয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক