ডাউনলোড
মোবাইল এপ

android apple
signal

কৰিমগঞ্জত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত সভা

কৰিমগঞ্জ জিলাত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৫৭ হাজাৰ নতুন হিতাধিকাৰী বাছনিৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্তৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। বৈঠকত অহা ১৫ অক্টোবৰৰ ভিতৰত হিতাধিকাৰীৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰাৰ লগতে বৰ্তমানৰ ৰেচন কাৰ্ডধাৰীসকলৰ পৰাও এই নথিপত্ৰ সংগ্ৰহ কৰাৰ বাবে গাঁও পঞ্চায়তক নির্দেশ দিয়া হয়। নতুন ৰেচন কাৰ্ড আবেদনৰ বাবে আবেদনকাৰীয়ে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড, শেহতীয়া ভোটাৰ তালিকা বা ভোটাৰ পৰিচয় পত্ৰ আৰু পৰিয়ালৰ মুৰব্বী অৰ্থাৎ‍ আবেদনকাৰীৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা চি-ফৰ্মৰ লগতে ফটোকপি জমা দিব লাগিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৯ ছেপ্তেম্বৰত ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অৰুণোদয় ৩.০ প্রকল্পত ৩৭ দশমিক ২ লাখ পৰিয়াল বাছনি কৰাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭জন হিতাধিকাৰীক সুবিধা প্ৰদানৰ কাৰ্যসূচী ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক