ডাউনলোড
মোবাইল এপ

android apple
signal

February 19, 2025 7:56 PM | Karbi Festival

printer

১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ’ত ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ আজি সামৰণিৰ দিনা কেইবাটাও শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। তাৰালাংছ’ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মহোৎসৱস্থলীত নিৰ্মাণ কৰা বিভিন্ন জনগোষ্ঠীৰ গাঁওখনে বহু লোকক আকৰ্ষণ কৰে। মহোৎসৱৰ অংশ হিচাপে কাৰ্বি, ডিমাছা, বড়ো, তিৱা, গাৰো, ৰেংমা, কুকি, ৰাভাকে ধৰি কেইবাটাও জনগোষ্ঠীৰ খাদ্যসম্ভাৰ পৰিবেশন কৰা হয়। তদুপৰি জনগোষ্ঠীয় শিল্পকলা, হস্তকলা আৰু বস্ত্ৰশিল্পৰ সামগ্ৰীয়ে দৰ্শকসকলক আকৰ্ষিত কৰে। আজি কাৰ্বি সাংস্কৃতিক সমাজৰ নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদকে বিদায়ী সভাপতি আৰু সম্পাদকৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব। যোৱা দেওবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই মহোৎসৱ শুভাৰম্ভ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক