কাৰ্বি আংলঙত বাৰ্মিজ চিগাৰেটসহ মহাৰাষ্ট্ৰৰ দুজন সৰবৰাহকাৰীক আটক

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে আজি এখন ট্ৰাকৰ পৰা বাৰ্মিজ চিগাৰেটৰ ২৭টা কাৰ্টন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোক দুজন মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লোক দুজনে মণিপুৰৰ পৰা কলকাতালৈ চিগাৰেটসমূহ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে, ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা আৰক্ষী আৰু চাপৰ থানাৰ আৰক্ষীৰ এটা দলে বহলপুৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীকো আটক কৰা হৈছে। বঙাইগাঁও জিলাৰ গোলাপাৰা প্ৰথম খণ্ড নিবাসী এই সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি ভাং ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক