ডাউনলোড
মোবাইল এপ

android apple
signal

কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ডিচেম্বৰত উদযাপন কৰিবলগীয়া কিংবদন্তি চলচ্চিত্র নির্মাতা তথা অভিনেতা ৰাজ কাপুৰৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে কালি নতুন দিল্লীত তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে। সাক্ষাৎকালত শ্রীমোদীয়ে প্ৰসিদ্ধ অভিনেতাগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ স্মৰণ কৰে। প্ৰয়াত কাপুৰৰ পৰিয়ালে অভিনেতাগৰাকীৰ স্মৃতিত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ দেশৰ ৪০খন চহৰত আয়োজিত ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। শ্রীমোদীয়ে সাক্ষাৎকালত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কাপুৰ পৰিয়ালক বিশেষকৈ মধ্য এছিয়াক ভিত্তি হিচাপে লৈ এতিয়াও দর্শকক মন্ত্রমুগ্ধ কৰি ৰখা ৰাজ কাপুৰৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। শ্রীমোদীয়ে লগতে কয়, যে ৰাজ কাপুৰে তেওঁলোকৰ জীৱনতো প্ৰভাৱ পেলাইছিল। মধ্য এছিয়াত ভাৰতীয় চলচ্চিত্ৰৰ বিশাল সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতীয় চলচ্চিত্ৰক মধ্য এছিয়াৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা চলাব লাগিব৷ ভাৰতীয় চলচ্চিত্ৰক মধ্য এছিয়াৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত যোগসূত্র হিচাপে কাম কৰিব পৰা এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ তেওঁ কাপুৰ পৰিয়ালক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক