কামৰূপ জিলাৰ মিৰ্জাত প্ৰসাদত বিষক্ৰিয়া হৈ ছবছৰীয়া এটি কন্যা শিশুৰ মৃত্যু হৈছে। আনহাতে গুৰুতৰভাৱে অসুস্থ হোৱা শিশু-মহিলাসহ ৩৩জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে’ত মিৰ্জাৰ ঝাৰোবড়ীৰ চনপাৰাত এটা পৰিয়ালৰ প্ৰসাদ খোৱাৰ পাছতেই বহু লোক অসুস্থ হৈ পৰে। অসুস্থসকলক আজাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সেইদিনাই ২১জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত আৰু ১২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে এই ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোৱে বুট-মণ্ড ক্ৰয় কৰা দোকানখনৰ সকলো বুট-মণ্ড জব্দ কৰিছে। আনহাতে গুৱাহাটীৰ খাদ্য সুৰক্ষা বিভাগৰ এটা দল এই স্থান উপস্থিত হৈ বুট-মগুৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।
Site Admin | May 31, 2024 12:25 PM | Kamrup mirza