কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে কামৰূপ মহানগৰতো কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান চলি আছে। এই অভিযানৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭৯০টা দল আৰু ১৬০ গৰাকী পৰ্যৱেক্ষকক নিয়োগ কৰা হৈছে। প্ৰতিটো দলত এগৰাকী আশাকৰ্মী আৰু এগৰাকী প্রশিক্ষণপ্রাপ্ত স্বাস্থ্যকর্মী নিয়োগ কৰা হৈছে। স্বাস্থ্য বিভাগে সকলো চৰকাৰী চিকিৎসালয়তে এই ৰোগৰ ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা কুষ্ঠ কোষ, মাণ্ডলিক কুষ্ঠ বিষয়াৰ সৌজন্যত তথা কামৰূপ মহানগৰ জিলাৰ তত্ত্বাৱধানত এই অভিযান হাতত লোৱা হৈছে। উল্লেখযোগ্য যে, চিকিৎসকৰ ওচৰলৈ আহিবলৈ কুণ্ঠাবোধ কৰা কুষ্ঠৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ জৰিয়তে এই ৰোগ নিৰ্মূল কৰাই হৈছে এই অভিযানৰ মূল উদ্দেশ্যে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ জৰিয়তে ২০২৭ চনৰ ভিতৰত ভাৰতবৰ্ষক কুষ্ঠ মুক্ত দেশ হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।
Site Admin | November 11, 2024 6:43 PM | kamrup metro leprosy