July 4, 2024 1:19 PM | Kamrup

printer

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অনান্য জিলাসমূহৰ বৃদ্ধাবাসৰ আৱাসীৰ সুবিধার্থে এই ব্যৱস্থাসমূহ পৰ্যায়ক্রমে আৰম্ভ কৰাৰ বাবে জিলা প্ৰশাসনসমূহক যথোপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ মুখ্য সচিবক নির্দেশ দিয়ে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত ১২টা বৃদ্ধাবাসত ২৯৩গৰাকী আৱাসী আছে যদিও তেওঁলোকৰ ১৮৬গৰাকীৰ আধাৰ কাৰ্ড, ২৬৭গৰাকী ৰেচন কাৰ্ড আৰু ২৮৩গৰাকীৰ আয়ুষ্মান ভাৰত কাৰ্ড নাই। আনহাতে, এই আৱাসীসকলৰ ২৬৯গৰাকীয়ে বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ থকাৰ বিপৰীতে ২৩১গৰাকীৰ বেংক একাউণ্ট নাই। বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাত তেওঁ সংশ্লিষ্ট বিভাগ সমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি সমস্যাসমূহ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক